ভাববোৰ

(পুলক জ্যোতি শৰ্মা)

এই আহে এই যায়

এই যায় এই আহে

ভাববোৰো যে আৰু কি

যেন চেৰাপুঞ্জীৰ কুঁৱলী


দিগন্ত বিয়াপি

এই উঠে এই নামে

এই নামে এই উঠে

ভাববোৰো যে আৰু কি

যেন এসাগৰ ঢৌৰ ধেমালি


********